মঙলদৈঃ এগৰাকী নৱবিবাহিতা বোৱাৰীৰ অস্বাভাৱিক মৃত্যুত উত্তাল মঙলদৈৰ চমুৱাপাৰা। সৰুঔতলা বৰমপুৰ গাঁৱৰ বাবুল ডেকাৰ একমাত্ৰ কন্যা নিশা ডেকা হেৰেঙাঝাৰৰ মহেশ ডেকাৰ লগত সামাজিক নীতি নিয়ম অনুসৰি দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল।
কিন্তু সোমবাৰে আবেলি ৬ মান বজাত স্বামীগৃহৰ শোৱনী কোঠাত নিশাৰ মৃতদেহ উদ্ধাৰ হয়। নিশাৰ অস্বাভাৱিক মৃত্যুক নিশাৰ পিতৃ-মাতৃ তথা পৰিয়ালে সহজ ভাৱে ল’ব পৰা নাই। স্বামী গৃহৰ পৰিয়ালে নিশাক হত্যা কৰি ওলোমাই থোৱাৰ সন্দেহ কৰিছে।
ইতিমধ্যে মঙলদৈ থানাৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আনিছে।
এক উচিত তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।