মঙলদৈঃ মঙলদৈৰ নিজ মোগলবেচাত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো চামাবাৰী অঞ্চলৰ ভাবিৰাম বড়ো বুলি জানিব পৰা গৈছে। শুকুৰবাৰে পথাৰত খেতি কৰিব যোৱাৰ পৰাই নিখোজ হৈ আছিল ভাবিৰাম বড়ো (৫০) নামৰ ব্যক্তি গৰাকী।
পানী বৃদ্ধি হোৱাৰ ফলত পানীত পৰি যোৱাৰ লগতে পানী যুঁৱলিৰে উটি অহাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, ব্যক্তি গৰাকী মঙলদৈৰ এটা ORS কোম্পানীত কৰ্মৰত আছিল। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আনিছে।
মঙলদৈত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য
উদ্ধাৰ হোৱা মৃতদেহটো চামাবাৰী অঞ্চলৰ ভাবিৰাম বড়ো বুলি জানিব পৰা গৈছে
