মঙলদৈঃ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে অহা ৩ মাৰ্চ তাৰিখে আয়োজন কৰা হ’ব বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটি। বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিয়ে।

৩ মাৰ্চ তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে শুভাৰম্ভণি কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সমূহীয়া পৰিবেশ নিকাকৰণ, বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰিব দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰী অধ্যক্ষ টংকেশ্বৰ শৰ্মাই।

তাৰপাছত বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰিব দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথে, মহাৰজত জয়ন্তীৰ পতাকা কৰিব ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

পতাকা উত্তোলনৰ পাছত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰিব দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰী অধ্যক্ষ কমিনাথ ডেকাই, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰিব প্ৰাক্তন ছাত্ৰ তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিব দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক কমিৰাম বৰুৱাই।

লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক আৰু দেওমৰনৈ অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ জৰিয়তে ৭৪খন মহাৰজত জয়ন্তীৰ পতাকা আৰু ৭৪ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply