প্ৰবীণ বৰুৱা, মঙলদৈঃ আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈ ১ নং মাজগাওঁ প্ৰাথমিক বিদ্যালয়ত ট্ৰু-নেচাৰ নামৰ এক স্বেচ্ছাসেৱী সংগঠনে বিশ্ব পৰিবেশ দিৱস পালন কৰে।

মঙলদৈ ১ নং মাজগাওঁ প্ৰাথমিক বিদ্যালয়ত সন্মুখত গছপুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বন ধ্বংসৰে জড়িত দুষ্কৃতিকাৰীক অসমৰ পৰিবেশ দূষিত নকৰিবলৈ আহ্বান জনালে ছাত্ৰ-ছাত্ৰী সকলে।

সম্প্ৰতি ৰাইজ কিছু সচেতন হোৱা বুলি মন্তব্য কৰাৰ লগতে অসমত বৰষুণৰ পৰিমান বৃদ্ধি হোৱাটো ভাল লক্ষণ বুলি দোহাৰে ট্ৰু নেচাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply