YouTube video

মঙলদৈঃ শুকুৰবাৰে দুপৰীয়া মঙলদৈত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলদৈৰ বাঘপৰি চৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰাই সংঘটিত হয় এই অগ্নিকাণ্ড। ইফালে, অগ্নিকাণ্ডত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সমপূৰ্ণৰূপে ভস্মীভূত হৈছে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ৷

আনহাতে, এই অগ্নিকাণ্ডত এগৰাকী মহিলা সহ দুজন লোক আহত হয়৷ আহত ব্যক্তি দুজন ক্ৰমে জমিলা খাতুন আৰু লালমন আলী৷ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে৷ অগ্নিকাণ্ডৰ ফলত চাৰিটা চিলিণ্ডাৰ, দুখন বাইক, ১২ খন চাইকেল সহ প্ৰায় বিশ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

এই অগ্নিকাণ্ডৰ ঘটনা মঙলদৈৰ অতি দুৰ্গম এলেকাত সংঘটিত হোৱা বাবে বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইফালে, আহত দুয়োজনকে সংকটজনক অৱস্হাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply