মঙলদৈঃ বছৰটোৰ দ্বিতীয়টো বানত ডুব গ’ল মঙলদৈ চহৰ। যোৱা কেইবাদিন ধৰি পৰি থকা নেৰানেপেৰা বৰষুণ আৰু জিলাখনত থকা উপনৈ সমূহৰ বাঢ়নি পানীৰ ফলত দৰং জিলাৰ সদৰ মঙলদৈ চহৰ বানপানীৰ কবলত পৰে । সামগ্ৰিক ভাৱে চহৰখনৰ প্ৰায় দহটা ৱাৰ্ড, বজাৰ এই বানপানীৰ কবলত পৰে।
মঙলদৈ চহৰত বানপানী উঠাৰ সমান্তৰাল ভাৱে চহৰখনত থকা দোকান-পোহাৰ, বিভিন্ন অফিচ, শিক্ষানুষ্ঠান আদি ৰাতিটোৰ ভিতৰতে পানীত ডুব যায়।
মঙলদৈ চহৰৰ লগতে চহৰখনৰ দাঁতি-কাষৰীয়া প্ৰায় সকলো ঠাই এই আপদিয়া বানৰ কবলত পৰে। জিলাখনৰ দলগাওঁ ৰাজহ চক্ৰৰ কেইখনমান গাঁৱৰ বাহিৰে মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ প্ৰায় প্ৰতিখন গাঁৱয়ে এই বানপানীৰ কবলত। ইতিমধ্যে বৃহস্পতিবাৰৰ আবেলিৰ পৰা বলবৎ হোৱাকৈ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা যানবাহনৰ চলাচলত বাধা আৰোপ কৰিছে দৰং জিলা প্ৰশাসনে। আনহাতে মঙলদৈ- -পাথৰিঘাট- নামখলা পথ, মঙলদৈ- কলাই টংলা পথকে ধৰি জিলাখনৰ প্ৰায় সকলো মুখ্য পথেই বানপানীৰ কবলত পৰা বাবে জিলাখন বহিঃ জিলাৰ লগত যাতায়ত বন্ধ হৈ পৰিছে।
এনে অস্বাভাবিক বান পৰিস্থিতিত জিলা প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়ালত এতিয়াও বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে। আনহাতে বানপানীৰ বাবে জিলাখনত বিজুলী সংযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে সৰ্বসাধাৰণ ৰাইজ সমস্যাত পৰিছে।
লগতে পঢ়কঃখহনীয়াই ভাবুকি সৃষ্টি কৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ