মঙলদৈঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক “ৰ্স্মাট” আৰক্ষী হিচাবে গঢ় দিব বিচৰা সময়তেই এচাম দুৰ্বৃত্বই নিত্য নতুন কৌশলৰে ধন লুটপাতৰ কাৰ্য চলাই থকাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ নাগৰিক। যোৱা ২৭ আগষ্টত মঙলদৈ চহৰৰ ইণ্ডাষ্ট্ৰী চ’কৰ নিৱাসী তথা জিলা পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সোনেশ্বৰ ডেকাই চহৰখনৰ ভেবাৰঘাটস্থিত ভাৰতীয় ষ্টেট বেংকৰ বজাৰ শাখাৰ এটিএমৰ ধন উলিয়াব অহাত ফুচুলাই সলনি কৰি লৈ যায় তেওঁৰ ATM কাৰ্ড খন। কৰ্মচাৰীগৰাকীয়ে ঘৰলৈ উভতি অহাৰ তিনিদিন পাছতহে পোহৰলৈ আহে ATM সলনি কৰি নিয়াৰ কথা, দুৰ্বৃত্তই ন ন কৌশল জাল পাতি সলনি কৰি নিয়ে ATM খন আৰু ইয়াৰ পিছতেই কেইবাবাৰো ATM খন ব্যৱহাৰ কৰি লুটিলে বৃহৎ পৰিমাণৰ ধন।
সোনেশ্বৰ ডেকাই ততাতৈয়াকৈ বেংকত গৈ একাউন্ট বন্ধ কৰি দিয়াৰ লগতে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰে। কিন্তু সেই সময়লৈকে লোকজনৰ ATM ব্যৱহাৰ কৰি লুটি নিলে প্ৰায় ১ লাখ ৭০ হাজাৰ টকা। জীৱনজোৰা কষ্ট উপাৰ্জিত ধন লুটি নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ। মঙ্গলদৈত প্ৰায়ে সংঘটিত হৈ আহিছে এনে ধৰণৰ ধন লুটৰ ঘটনা। এই দুৰ্বৃত্তসকলৰ টাৰ্গেট হৈ পৰিছে জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত সহজ-সৰল লোকসকল। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয় বিষয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply