মঙলদৈঃ সমগ্ৰ দেশৰ লগতে দৰং জিলাতো দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন কৰা হয়। পুৱা ৫ বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগে স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে ভজন পৰিৱেশন কৰাৰ পিছত উপায়ুক্তৰ কাৰ্যালয় প্ৰাঙ্গণত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰা হয় । ইয়াৰ পিছতে গান্ধী স্মৃতি উদ্যানত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা এই দিৱসত গান্ধী বেদীত উপায়ুক্তৰ দ্বাৰা বন্তি প্ৰজ্বলন তথা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু সমাজকৰ্মীৰ দ্বাৰা পুস্পাঞ্জলি অৰ্পণেৰেৰে মূল কাৰ্যসূচী আৰম্ভ কৰা হয় ।
এই উপলক্ষে অনুষ্ঠিত সভাত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে যুৱপ্ৰজন্মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ, স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আৰু তেওঁৰ জীৱনৰ বিষয়ে জানিব লাগে আৰু তেওঁৰ আদৰ্শৰে জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে আৰু সেইটোৱে হ’ব তেওঁলৈ আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধা ।
সভাত খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড৹ বুধিন হাজৰিকাই মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত আলোকপাত কৰে আৰু স্বাধীনতা সংগ্ৰামত অহিংসাক আহিলা হিচাপে লৈ সংগ্ৰাম কৰাৰ ওপৰত বক্তব্য ৰাখে । বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ ওপৰত ভাষণ দি সত্যাগ্ৰহৰ উপৰত বিবৰণ দাঙি ধৰেই ।তদুপৰি সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয় ।
উক্ত সভাতে মঙলদৈ পৌৰসভাৰ উদ্যোগত ইণ্ডিয়ান স্বচ্ছতা লীগৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু অপচয়ৰ পৰা সম্পদ গঢ়াৰ(Waste to Wealth) প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
সভাত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, সহকাৰী আয়ুক্ত মণিকা বৰগোঁহাই, সীমান্ত বসুমতাৰী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন গন্যমান্য লোকসকল উপস্থিত থাকে ।