মঙলদৈঃ শনিবাৰে মঙলদৈ আৰক্ষীয়ে আটক কৰে এহাল দম্পত্তীক। গাঞ্জা সৰবৰাহ কৰাৰ সময়তে আটক কৰা হয় দুই পতি-পত্নীক। জানিব পৰা মতে, দুয়োৰে হাতৰ পৰা ৮ কেজি ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে।

এখন স্কুটীৰে মঙলদৈ চহৰত গাঞ্জাখিনি সৰবৰাহ কৰিবলৈ আহোতে মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা আটক কৰে দুয়োকে। তেওঁলোক ওদালগুৰি জিলাৰ গৰৈমাৰীৰ নিজামচাং বড়ো আৰু চাজনা বসুমতাৰী বুলি জানিব পৰা গৈছে।

দুয়োকে মঙলদৈ সদৰ থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আন এগৰাকী মহিলা অৰ্চনা বসুমতাৰীকো আটক কৰে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply