মঙলদৈঃ মঙলবাৰে সামৰণি পৰে গৰুখুটি ঘটনা প্ৰথম পৰ্যাৰ ৰাজহুৱা ওজৰ-আপত্তি গ্ৰহণৰ। উক্ত দিনটোত সকলো পক্ষৰ লিখিত অভিযোগ আৱৰ্ত ভৱনত গ্ৰহণ কৰে বি ডি আগৰৱালা তদন্ত আয়োগে। উল্লেখ্য যে, যোৱা ২৩ ছেপ্টেম্বৰত ঢলপুৰৰ গৰুখুটি অঞ্চলৰ চৰকাৰী ভূমিৰ পৰা একাংশ বেদখলাৰীক উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হোৱা কিছু অনাকাংশিত ঘটনাক লৈ তদন্ত ঘোষণা কৰিছিল অসম চৰকাৰে।
তাৰেই অংশ স্বৰূপে মঙলবাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাৰ অধ্যক্ষতাত এজনীয়া তদন্ত আয়োগ পুনৰ দৰং জিলাত আহি উপস্থিত হয়। আজি দিনৰ ১১ বজাৰ পৰা মঙলদৈস্থিত আবৰ্ত ভৱনত অনুস্থিত মুকলি শুনানিত নিহত হোৱা ব্যক্তি সকলৰ নিকটাত্মীয়, দল-সংগঠন আৰু স্থানীয় একাংশ ৰাইজৰ ঘটনা সন্দৰ্ভত আয়োগে লিখিত অভিযোগ গ্ৰহণ কৰে।
আজি ২০খন লিখিত অভিযোগ সহ বৰ্তমানলৈ সৰ্বমুঠ ৪৩ খন লিখিত অভিযোগ আয়োগে গ্ৰহণ কৰে। অভিযোগ-প্ৰতি অভিযোগ গ্ৰহণৰ পাছত অহা ১১ মাৰ্চত প্ৰথম পৰ্যায়ৰ শুনানিৰ দিন ধাৰ্য্য কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত তদন্তই কোন দিশে গতি কৰিব সেয়াহে লক্ষণীয় হ’ব৷