মঙলদৈঃ দৰং জিলাত এই বৰ্ষৰ প্ৰথম পৰ্য্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন। ৰাজহ মন্ত্ৰী যোগেন মহনে পৰিদৰ্শন কৰিলে ভেবাৰঘাট প্ৰাথমিক বিদ্যালয় । জিলাখনত মুঠ ১২৬২ খন বিদ্যালয়ত আৰম্ভ হৈছে গুণোৎসৱ। দৰং জিলাত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ১,৪৪,৯,৪৫ গৰাকী।

লগতে পঢ়কঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ

দৰঙত তিনিটা শিক্ষাখণ্ড ক্ৰমে কলাইগাও,দলগাও,ছিপাঝাৰ। জিলাখনৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ৰাজহ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে এই গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহ শিক্ষাৰ দিশত আৰু এখোজ আগুৱাই যাব। আনহাতে দৰং জিলাত শিক্ষা বিষয়া অবিহনে চলি আছে বিদ্যালয় সমূহ। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে নাই শিক্ষক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply