মঙলদৈঃ মঙলদৈৰ ইউথ ক্লাৱত অনুষ্ঠিত হয় হজযাত্ৰীৰ কৰ্মশালা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মইনুল হক চৌধুৰী, শিক্ষক চামচুল হুছেইন, শিক্ষক আখিৰ আলি,হাজি আমজল হুছেইনে প্ৰদান কৰে এই প্ৰশিক্ষণ।

জিলা অভ্যৰ্থনা সমিতিৰ সম্পাদিকা পম্পি আখটাৰ, ৰেকিবুৰ ৰহমান, মিৰাজুল হক আৰু আফজল হুছেইনৰ তত্বাৱধানত এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত দৰং আৰু ওদালগুৰি জিলাৰ শতাধিক হজ যাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, দৰং আৰু ওদালগুৰি জিলাৰ পৰা এইবাৰ হজলৈ যোৱাৰ প্ৰস্তুতি চলাই পুৰুষ আৰু মহিলা সহ ১৪৭ গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply