মঙলদৈঃ কৃষিজাত সামগ্ৰীৰ লাভজনক বজাৰ মূল্যৰ দাবীত বৃহস্পতিবাৰে কিষাণ সংঘৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী।
কৃষকৰ উৎপাদিত শস্যৰ উচিত বজাৰ মূল্যৰ দাবীত ভাৰতীয় কিষাণ সংঘৰ প্ৰতিবাদ।
কৃষিকৰ্মত ব্যৱহৃত সামগ্ৰী যেনে, সাৰ-বীজ, বিজুলী, পানী আদিৰ খৰছ দিনক দিনে বৃদ্ধি পাই আহিছে, সেই অনুপাতে চৰকাৰী ধাৰ্য্য নিৰীখৰ (MSP) ব্যৱস্থিত কাৰ্য্যকৰী বা সমীক্ষা হোৱা দেখা নাযায়, সেয়ে কিষাণ সংঘই নূন্যতম সমর্থন মূল্যৰ পৰিৱৰ্তে উচিত লাভজনক বজাৰ মূল্যত (Cost of production based remuneration price) নিশ্চিতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷
লগতে পঢ়কঃমাজুলীত সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ
কিষাণ সংঘই অসম চৰকাৰক এই পুঁজিৰ জৰিয়তে অসমৰ সাপ্তাহিক বজাৰৰ স্থানীয় কৃষকৰ বাবে উপযোগী হোৱাকৈ উন্নীত কৰিবলৈ অনুৰোধ জনায়।
ভাৰতীয় কিষাণ সংঘই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷