মঙলদৈঃ কোচ ৰাজবংশী লোক সকলক জনজাতিকৰণৰ দাবীত মঙলদৈ চিলাৰায় ভৱনৰ সন্মুখত মঙলবাৰে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে কোচ ৰাজবংশী সন্মিলনীয়ে। কোচ ৰাজবংশী লোক সকলক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ কাৰ্যালয় চিলাৰায় ভৱনৰ সন্মুখত শতাধিক প্ৰতিবাদকাৰীয়ে ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী।

১৯৯৬ চনতেই হিতেশ্বৰ শইকীয়াৰ চৰকাৰে ৰাজ্য খনৰ কোচ ৰাজবংশী লোক সকলক জনজাতিকৰণৰ বাবে চৰকাৰী ভাবে অধ্যাদেশ জাৰি কৰিছিল যদিও আজিও এই অধ্যাদেশ আইনলৈ ৰূপান্তৰিত নহ’ল। অতি শীঘ্ৰে কোঁচ ৰাজবংশী সন্মিলনীয়ে ইমান দিনে দাবী জনাই অহা জনজাতিকৰণ শীৰ্ঘে কাৰ্যকৰী কৰিবলৈ এই ধৰ্মঘট কাৰ্যসূচীৰে দাবী জনায়।

এনে নকৰিলে পুনৰাই কোচ ৰাজবংশী সন্মিলনীয়ে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি জিলাৰ কোচ ৰাজবংশী নেতা সকলে জনায়। ধৰ্মঘট কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply