প্ৰবীণ বৰুৱা, মঙলদৈ: দৰঙৰ ছিপাঝাৰৰ সাতখলিত মঙলবাৰে উদ্ধাৰ হয় তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি৷ অঞ্চলটোৰ খেতি পথাৰত স্হানীয় লোকে কৃষি কৰ্ম কৰিবলৈ যাওঁতে উদ্ধাৰ কৰে বাঘৰ পোৱালি তিনিটা ৷
স্থানীয় লোকে পোৱালি কেইটা উদ্ধাৰ কৰি বন বিভাগক খবৰ দিছে যদিও এই পৰ্যন্ত উপস্থিত হোৱা নাই বন বিভাগৰ লোক৷ ইফালে, বাঘৰ পোৱালি তিনিটা চাবলৈ ভিৰ কৰিছে বহু লোকে।
উল্লেখ্য যে, কেইবাদিন ধৰি বাঘে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ দুটাকৈ পশুধন ইতিমধ্যে আক্ৰমন কৰি নিহত কৰাৰ উপৰিও স্হানীয় ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰিছিল৷