মঙলদৈঃ যি সময়ত শাহু-শহুৰৰ হাতত বোৱাৰী নিৰ্যাতনৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে, সেই সময়ত দৰঙত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। বিধৱা বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ৰাখি সৰ্বসন্মতি সাপেক্ষে পুনৰ নিজৰ সৰু পুত্ৰৰ সৈতে বিয়া পাতি দিলে শাহুৱে।

এই ঘটনা মংগলদৈ পৰাগ নগৰৰ। জুলা চলিহা আৰু বংশীধৰ চলিহাৰ বৰপুত্ৰ চলিত বৰ্ষৰে জানুৱাৰী মাহত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল। যাৰ ফলত বিধৱা হৈছিল কম বয়সীয়া বোৱাৰী গৰাকী।

কিন্তু বোৱাৰীক পুত্ৰৰ মৃত্যুৰ বাবে দায়ী নকৰি শাহু-শহুৰে নিজ ছোৱালীৰ দৰে মনোবল দি গৈছিল সকলোসময়তে।
সেয়েহে অৱশেষত তেওঁলোকে আলোচনা কৰি সৰু পুত্ৰক দিলে বোৱাৰীক বিয়াৰ প্ৰস্তাৱ। লগতে বোৱাৰীৰ পৰাও সন্মতি বিচাৰিলে।

অৱশেষত দুয়ো মান্তি হোৱাত সৰ্বসন্মতি সাপেক্ষে বিয়া পাতি দিলে দুয়োৰে। এই বিয়াক লৈ এতিয়া সুখী দৰা জ্যোতিপ্ৰসাদ চলিহা। মংগলদৈ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত মাল্যাৰ্পন কৰি বিবাহ সম্পন্ন কৰা হয় দুয়োৰে। উল্লেখ্য যে, সমাজত শাহু-বোৱাৰীৰ যি সংঘাত চলে তাৰ বিপৰীতে জুলা চলিহা আৰু বংশীধৰ চলিহা সমাজৰ এক আদৰ্শ স্বৰূপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply