নিউজ ডেস্কঃ সোমবাৰে মঙলদৈৰ ভেবাৰঘাটত প্ৰতিবাদ সাব্যস্ত কৰে মটৰ মালিক, শ্ৰমিক সন্থা। প্ৰতিবাদকাৰীসকলে পৌৰ সভাৰ নিৰ্বাচনত অসহযোগ কৰাৰ হুংকাৰ প্ৰদান কৰে। ২০২১চনৰ নিৰ্বাচনৰ সময়ত দৰং জিলা প্ৰশাসনৰ পৰা সৰু-ডাঙৰ মটৰ মালিক সন্থা পাবলগীয়া ১.২০ কোটি টকা বৰ্তমানলৈ আদায় নিদিয়াৰ বাবেই এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।
উল্লেখ্য যে, মটৰ মালিক, শ্ৰমিক সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাপথ অৱৰোধ কৰি মঙলদৈ ভেবাৰঘাটত প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সকল মটৰ মালিক আৰু শ্ৰমিক সকলে ২০২১ৰ নিৰ্বাচনত যাতায়াতৰ বাবে পাবলগীয়া ১ কোটি ২০ লাখ টকা আদায় নিদিলে পৌৰসভাৰ আগন্তুক নিৰ্বাচনত সহযোগ নকৰে বুলি হুংকাৰ দিয়ে।