মঙলদৈঃ আগন্তুক পৌৰসভা নিৰ্বাচন দৰং জিলাত সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যবেক্ষক কৰবী শইকীয়া কৰণৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়। সভাত নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলক নিৰ্বাচনী আচৰণ বিধি মানি চলাৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি নিৰ্বাচনী ব্যয় কৰিবলৈ আহ্বান জনায়।
সভাখনত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলোকে অনুৰোধ জনাই নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীয়ে। সভাত জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, দণ্ডাধীশ মঙলদৈ পৌৰসভা নিৰ্বাচন ৰিণি হাজৰিকা, দণ্ডাধীশ ছিপাঝাৰ পৌৰসভা নিৰ্বাচন কমলজিৎ শৰ্মা আদিৰ লগতে মঙলদৈ আৰু ছিপাঝাৰ পৌৰসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মঙলদৈ পৌৰসভাৰ দহটা ৱাৰ্ডৰ বাবে ২৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ছিপাঝাৰ পৌৰসভাৰ দহটা ৱাৰ্ডৰ বাবে ২১জন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিল যদিও ৯ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়।
অনুৰূপ ধৰণে খাৰুপেটীয়া পৌৰসভাৰ নিৰ্বাচনৰ বাবেও আজি খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যালয়ত নিৰ্বাচনী পৰ্যবেক্ষক কৰবী শইকীয়া কৰণৰ উপস্থিতিত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ লগত বৈঠক অনুষ্ঠিত হৈ যায়। খাৰুপেটীয়া পৌৰসভাৰ ১১টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।