মঙলদৈঃ সমাগত পৌৰ সভা নিৰ্বাচন। মঙলদৈত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সংসদ দিলীপ শইকীয়াই জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায়। মঙলদৈ পৌৰ সভাৰ ৬ নং ৱাৰ্ডত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ শইকীয়াই। সাংসদ শইকীয়াই ৬নং ওৱাৰ্ডত নিৰ্বাচনী সভাতো উপস্থিত থাকে।

মঙলদৈ পৌৰ সভাৰ ৬নং ৱাৰ্ডৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী জগদীশ লহকৰৰ হৈ প্ৰচাৰ চলাই সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই নিৰ্দলীয় প্ৰাৰ্থী সকল মতা-মাইকী বনাম গিৰিয়েক-ঘৈণীয়েক একেখন ঘৰৰে পৰা প্ৰতিটো পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। সেয়েহে এইবাৰ নিৰ্বাচনত উন্নয়নৰ স্বাৰ্থত ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান জনাই তেওঁ।

উল্লেখ্য যে, পৌৰ সভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ৪ মাৰ্চত অন্তিমটো দিন। অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যত ৮০ খন পৌৰসভাৰ নিৰ্বাচন। ৮০ খন পৌৰসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল ১৫ ফেব্ৰুৱাৰী, ২০২২।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply