মঙলদৈঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো অব্যাহত আছে পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ মাজতে মঙলদৈ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ টাউন হাইস্কুল ভোট কেন্দ্ৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

কেন্দ্ৰটোত বিজেপি সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কেইবাজনো সমৰ্থকে কৰা প্ৰৱেশক লৈ সৃষ্টি হৈছে এই পৰিস্থিতি। কেন্দ্ৰটোত প্ৰৱেশ কৰাক লৈ কংগ্ৰেছী সমৰ্থকে উত্তপ্ত পৰস্থিতিৰ সৃষ্টি কৰে।

ইফালে, কংগ্ৰেছৰ সমৰ্থকেও মহিলাক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ লগতে সমৰ্থক সকলে। ঘটনাস্থলীত উপস্থিত মঙ্গলদৈ থানাৰ ভাৰপাপ্ত বিষয়া মুকুট কাকতি আৰু স্থানীয় বিধায়ক বসন্ত দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply