প্ৰবীণ বৰুৱা, মঙলদৈ: ঐতিহাসিক অসম আন্দোলন মঙলদৈৰ পৰাই আৰম্ভ হৈছিল। এইবাৰ অন্যায়ভাৱে বৃদ্ধি কৰা পৌৰকৰৰ বিৰুদ্ধেও মঙলদৈৰ পৰাই আৰম্ভ হ’ব আন্দোলনৰ।- এইদৰে কয় মঙলদৈ চহৰৰ জেষ্ঠ নাগৰিক যথা সমাজ সেৱক আনোৱাৰ হুছেইনে । 

শনিবাৰে মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গনত অনুস্থিত বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে অনুস্থিত নাগৰিক সভাত বক্তব্য আগবঢ়াই হুছেইনে এনে অস্বাভাৱিক হাৰত বৰ্দ্ধিত কৰ কোনো কাৰণতে দিব নোৱাৰি বুলি কয় । 

বিশিষ্ট নাগৰিক ভদ্ৰকান্ত শৰ্মাৰ সভাপতিত্বত আৰু অমৰজিৎ শাণ্ডিল্যই আৰম্ভণি কৰা সভাখনত বক্তব্য আগবঢ়াই বয়োজ্যেষ্ঠ নাগৰিক তথা অবসৰপ্ৰাপ্ত শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াই কয় যে-  চৰকাৰে হঠাতে নাগৰিকৰ উপৰত জাপি দিব বিচৰা এনে কৰৰ বোজা এক অন্যায়। এয়া সাধাৰণ নাগৰিকৰ দূৰৈৰে কথা মধ্যবিত্ত শ্ৰেণীৰ লোকৰো ক্ষেত্ৰতো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ’ব । চৰকাৰে এই বৰ্দ্ধিত কৰ বাতিল কৰিব লাগে । 

দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট চিকিৎসক ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে নাগৰিক সভাত বক্তব্য আগবঢ়াই বৰ্দ্ধিত মাচূল এক অন্যায় বুলি কয় । পৌৰ নাগৰিক হিচাবে আমি পৌৰকৰ দিবলৈ সাজু আৰু পূৰ্বৰে পৰা দি আহিছো । কিন্তু হাজাৰ গুণ বৃদ্ধি কৰাটো সমিচিন হোৱা নাই বুলি তেওঁ কয় । প্ৰমোদ চন্দ্ৰ শৰ্মা ই শৰ্মাই আত ধৰা সভাখনত অধিবক্তা যুগল শইকীয়া , সদানন্দ ডেকা , চন্দ্ৰ কুমাৰ বৰুৱা ,  শৈত্যেন বসাক , বিশিষ্ট নাগৰিক সম্ভু দেৱ নাথ আদি ব্যক্তিয়ে বক্তব্য আগবঢ়াই বৰ্দ্ধিত পৌৰকৰৰ বিৰুধীতা কৰে । 

পিছত সভাই সৰ্বসন্মতি ক্ৰমে বৰ্ধিত কৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে । তাৰোপৰি অহা ২০ মাৰ্চত পতিবাদী সমদল উলিয়াই পৌৰসভাৰ কায্যলয় লৈ গৈ স্মাৰক প্ৰত্ৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।সিদিনা  মঙলদৈ সনাতন ধৰ্মসভাৰ পৰা পুৱা ১১ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ স্মাৰক প্ৰত্ৰ প্ৰদান কৰিব । 

উক্ত সভাত বিশিষ্ট উদ্যোগপতি ,  মুকুল ডেকা ,  অৱসৰী স্বাস্থ্য বিষয়া ডঃ জয়কান্ত চহৰীয়া , বীমান বৰুৱা , জনাদ্দন দাস , কিৰিটি বৰা , শান্তনু কুমাৰ শৰ্মা আদিয়ে বক্তব্য আগবঢ়াই বৰ্দ্ধিত কৰৰ বিৰুধীতা কৰে ।  মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ  সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা , মঙলদৈ ব্যৱসায়িক সন্থাৰ সভাপতি মুকুল ডেকা , জেষ্ঠ সাংবাদিক মদন বৰুৱা , মুকুট ৰাজ শৰ্মা , মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতা আদি বিশিষ্ট লোকসকল সভাত উপস্থিত থাকে  ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply