মঙলদৈ, প্ৰবীণ বৰুৱাঃ মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ মঙলদৈত নিকটবৰ্তী বান্দিয়াৰ ৩২ বছৰীয়া নুৰ ইছলামে নিজৰ পত্নী আচিয়া বেগমক ২ নং ৱাৰ্ডত থকা ভাড়াঘৰত চুৰিৰে হানি-খুচি হত্যা কৰে।

এই কথা পোহৰলৈ অহাৰ পিছতে মঙলদৈ সদৰ আৰক্ষী থানাৰ বিষয়া মুকুট কাকটি আৰু কৃষ্ণকান্ত লস্কৰৰ নেতৃত্বত অপৰাধী নুৰ ইছলামক আটক কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষী। বৰ্তমান মঙলদৈ আৰক্ষী থানাত অপৰাধী নুৰ ইছলামক সোধ-পোছ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply