প্ৰবীণ বৰুৱা, মঙলদৈঃ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে বিভিন্ন সময়ত ৰোগীৰ পৰিয়ালক শোষণ কৰি অহাৰ সমান্তৰাল ভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসক বা সা-সৰঞ্জামৰ অভাৱত অথবা ভুল চিকিৎসাৰ ফলত ৰোগীৰ মৃত্যুৰ ঘটনা নতুন নহয়। তেনে এক চিকিৎসালয়ৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ ঘটনা সংঘটিত হয় মঙলদৈৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জে এন শৰ্মা মেমৰিয়াল হাস্পতালত।
যাৰ ফলত চিকিৎসালয়খনত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অক্সিজেনৰ অভাৱত লংকেশ্বৰ ডেকা নামৰ ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা আত্মীয় লোকসকলে। মঙলদৈৰ হাউলিৰ নিজ ঘৰৰ পৰা বুধবাৰে দুপৰীয়া বাইকত উঠি অহা ৰোগী গৰাকী হঠাৎ হাস্পতাল পোৱাৰ পিছতে কেনেকৈ মৃত্যু হ’ব পাৰে বুলি প্ৰশ্ন পৰিয়ালৰ লোকে।
ইফালে অক্সিজেন ছিলিণ্ডাৰৰ বিসংগতি থকাৰ কথাও উল্লেখ কৰে পৰিয়ালে। এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষক জবাবদিহি কৰে যদিও কোনো সদুত্তৰ দিব নোৱাৰে চিকিৎসালয় কতৃপক্ষই। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মঙলদৈ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।