মঙলদৈঃ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ দৰং জিলা সমিতিয়ে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰু ধৰ্মঘট কাৰ্যসূচী হাতত লয়।
পুৱা ৬ বজাৰ পৰা মঙলদৈ জিলা পুথিভঁৰাল প্ৰাঙ্গনত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। গৃহৰক্ষী জোৱান সকলে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ এই কাৰ্যসূচী ৰূপায়ন কৰে।
গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ কৰা, সমকামৰ সম দৰমহা চৰকাৰে আদায় দিয়া, গৃহৰক্ষী জোৱানৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লমেন্ট চিষ্টেম বন্ধ কৰা আদি বিভিন্ন দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
বিভাগীয় কৰ্তৃপক্ষই গৃহৰক্ষী জোৱান সকলৰ এই দাবী সমূহ সমাধান নকৰিলে ভৱিষ্যত দিনত আৰু অধিক গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ দৰং জিলা সমিতিয়ে হুংকাৰ দিয়ে।