মঙলদৈঃ মঙলদৈত থকা জলসম্পদ বিভাগৰ মধ্য অসম অনুসন্ধান সংমণ্ডল কাৰ্যালয়টো বিশ্বনাথ চাৰিআলিলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। প্ৰায় ৫০ বছৰৰ অধিক পুৰণি কাৰ্যালয়টো হঠাৎ মঙলদৈৰ পৰা স্থানান্তৰ কৰিব বিচৰাত আপত্তি প্ৰদৰ্শন কৰে দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা কমিটিয়ে।

কাৰ্যালয়টো মঙলদৈৰ এটা সম্পদ বুলি উল্লেখ কৰি এই কাৰ্যালয়টো উঠাই নিদিবলৈ চৰকাৰক আহ্বান জনায় কৰ্মচাৰী পৰিষদে।

সম্পূৰ্ণ আন্তঃগাঁঠনি আৰু প্ৰয়োজনীয় কামকাজ সমূহ সুন্দৰকৈ পালন হৈ থকাৰ পিছতো চৰকাৰে কিয় এনে পদক্ষেপ ল’ব বুলি প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
লগতে তিনিওটা সংগঠনে কাৰ্যালয়টো স্থানান্তৰ নকৰিবলৈ দৰঙৰ উপায়ুক্তৰ জৰিয়তে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply