মঙলদৈঃ মঙলদৈত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি। বিদ্যুত সংশোধনী বিধেয়ক,২০২২ বাতিলৰ দাবীত সোমবাৰে মঙলদৈস্থ বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই কৰ্মবিৰতি পালন কৰে।
আজি সদনত উত্থাপন হ’বলগীয়া বিদ্যুৎ সংশোধনী বিধেয়ক,২০২২ৰ বিৰোধিতা কৰি বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই এই কৰ্মবিৰতি পালন কৰে৷ সদনত বিদ্যুত সংশোধনী বিধেয়ক – ২০২২ উত্থাপন হোৱাৰ আগ মূহূৰ্তত বিদ্যুৎ বিভাগৰ সতে আলোচনা মৰ্মে সদনত উত্থাপন কৰাৰ কথা আছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিদ্যুৎ বিভাগৰ সৈতে আলোচনা নকৰাকৈ সদনত বিদ্যুত সংশোধনী বিধেয়ক – ২০২২ উত্থাপন কৰিব বিচৰাত কৰ্মবিৰতিৰ জৰিয়তে সংশোধনী বিধেয়ক বিৰোধিতা কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই ৷
বিদ্যুত বিভাগৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰে যে, ”বিদ্যুত সংশোধনী বিল জনসাধাৰণৰ মাজত জাপি দিয়ে তেনেহ’লে ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব। গ্ৰাহকসকলৰ সুবিধাৰ কাৰণে জৰুৰী হোৱা সেই সেৱা সমূহৰ আমাৰ কৰ্মচাৰীসকলক ৰেহাই দিয়া হ’ব যাতে আমাৰ যি মূল শ্লোগান যাতে ২৪ঘন্টাই আমি গ্ৰাহক সকলক বিদ্যুত সেৱা যোগান ধৰিম, সেই মূল শ্লোগানৰ পৰা আমি কেতিয়াও আঁতৰি অহা নাই। ঐতিহাসিক কৃষক আন্দোলনৰ শেষ মুহূৰ্তত সংযুক্ত কৃষক মৰ্চাক কেন্দ্ৰীয় চৰকাৰে লিখিতভাৱে জনাইছিল যে বিদ্যুত সংশোধনী বিল ২০২২ সংসদত কেতিয়াবা উত্থাপন কৰিবলগীয়া হয় তেতিয়া হ’লে ইয়াৰ অংশীদাৰী যিখিনি আন্দোলনকাৰী সংগঠন আছে তেওঁলোকৰ লগতক আলোচনা মৰ্মেহে সংসদত উত্থাপন কৰা হ’ব। কিন্তু অতি পৰিতাপৰ কথা কেন্দ্ৰীয় চৰকাৰে আমাৰ সংগঠনসমূহৰ লগত কোনো আগতীয়া আলোচনা নকৰাকৈ অতি সংগোপনে ৮আগষ্ট ২০২২ আজিৰ এই দিনটোত বিদ্যুত সংশোধনী বিল ২০২২ সংসদত উত্থাপন কৰিবলৈ লৈছে। অল ইণ্ডিয়া ইলেক্ট্ৰিক ফেডাৰেচনৰ আহ্বান ক্ৰমে অসমতো আমি বিদ্যুত বিভাগৰ কৰ্মচাৰীসকলে এদিনীয়া কৰ্মবিৰতি গঢি় তুলিছো।”
উল্লেখ্য যে, পৰৱৰ্তী সময়ত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।