প্ৰবীণ বৰুৱা, মঙলদৈ: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে সোমবাৰে মঙলদৈ গান্ধী ময়দানত  অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত সংগঠন যুতীয়াভাৱে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ থকা ৰাজ্যিক নেতা পিংকুমনি দাসৰ জাতি গত প্ৰমাণ পত্ৰ বাতিল কৰি পিংকুমনি দাসক শীঘ্ৰে জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে লগতে অবৈধ জাতিগত প্ৰমাণ পত্ৰৰ CID তদন্ত কৰাৰ দাবী জনায়।

সংগঠন দুটাই অবৈধ ভাৱে কার্যনিবাহ কৰা “অসম অনুসূচিত জাতি পৰিষদ’ৰ দুয়োখন কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ দাবী তোলাৰ লগতে অসমৰ ভূমিহীন ভূমিপুত্র অনুসূচিত জাতিৰ লোকসকলক ভূমি পট্টাৰ প্ৰদান কৰিবলৈ দাবী জনায়।

অন্যথা মিছন ভূমি পুত্র বাতিল কৰিবলৈও দাবী উত্থাপন কৰে। অসম চৰকাৰে দিব বিছৰা এক লাখ নিযুক্তিৰ  ভিতৰত সংবিধানিক  ব্যৱস্থাৰে  অনুসূচিত লোক সকলক সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায় ।এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক অনুসুচিত লোকে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply