মঙলদৈঃ ডাঁহী মহাবিদ্যালয়ৰ অংশকালীন প্রবক্তা সুস্মিতা ডেকাৰ ৰহস্যজনক মৃত্যুৰ উচিত বিচাৰৰ দাবীত মঙলদৈৰ জনাৰাম চৌকাত ছাত্র সন্থা,মহিলা সমিতি আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, দেওবাৰে হাউলি মোহনপুৰৰ বোৱাৰী সুস্মিতা ডেকাক শহুৰেক কুশল মেধিয়ে নিৰ্যাতন কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ।
লগতে পঢ়কঃস্বাবলম্বী হোৱাৰ সংগ্ৰামত লখিমপুৰৰ যুৱতী ধৰিত্ৰী গগৈ
আৰক্ষীয়ে অভিযুক্ত দুয়োকে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও আইনৰ সুৰুঙাত যাতে কোনো কাৰণত দোষী সাৰি নাযায় তাৰ বাবে দাবী জনায় আছুৰ লগতে স্থানীয় ৰাইজে।