প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ সনাতন ধৰ্ম সভাৰ উদ্যোগত আয়োজিত ৪৩ সংখ্যক ৰাসোৎসৱৰ দেওবাৰে সপ্তম দিনাও ব্যাপক জনসমাগম হোৱা পৰিলক্ষিত হয় অত্যাধিক জনসমাগমৰ বাবে যোৱা নিশা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰি ৰাসোৎসৱৰ আনন্দমেলা কিছু সময়ৰ বাবে বন্ধ কৰি দিব লগীয়া হৈছে ।

বিশেষকৈ কালিৰে পৰা নিশা ৮ বজাৰ পিছত হোৱা ব্যাপক জনসমাগমে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ আশংকাত উদ্যোগক্তা সকল উদ্বিগ্ন হৈ পৰিছে । এনে অহেতুক ভীৰ এৰাই চলাৰ স্বাৰ্থত ৰাসোৎসৱ আয়োজক সমিতিয়ে শিশু লগত লৈ অহা অভিভাৱক সকলক অধিক সময় ৰাসোৎৱস্থলীত নাথাকিবলৈ আহ্বান জনাইছে ।

সপ্ৰতি জাতি, ধৰ্ম , বৰ্ণ নিৰ্বশেষে সকলো ৰাইজৰ উপস্হিতিয়ে সম্প্ৰীতিৰ মিলনভূমিত পৰিনত কৰা মঙলদৈ ৰাসোৎসৱ উপলক্ষে আজি দিনৰ ১১ বজাত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । নাতন ধৰ্মসভাৰ সভাপতি তথা মঙলদৈ উকিল সন্থাৰ সভাপতি হৰিৰাম চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱাই ।

প্ৰচাৰক বুজৰবৰুৱাই কৃষ্ণ সংস্কৃতি প্ৰচাৰ আৰু  প্ৰসাৰেই ৰাসোৎসৱৰ মূল লক্ষ্য বুলি উল্লেখ কৰি হিন্দু  সনাতন ধৰ্মৰ বিভিন্ন দিশ সাবলীল ভাবে ব্যাখ্যা কৰে । ৰাসোৎসৱৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ ডেকাই আঁত ধৰা এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাবে ৰাসোৎসৱৰ ইতিহাস আৰু  তাৎপৰ্য ব্যাখ্যা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক বিনীত বৰাই ।

সভাত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,শ্ৰীশ্ৰী কৃষ্ণ মঙলদৈ ৰাসোৎসৱৰ সভাপতি মুকুল চন্দ্ৰ ডেকা,কাৰ্যকৰী সভাপতি উপেন্দ্ৰ চহৰীয়া , মঙলদৈ সনাতন ধৰ্মসভাৰ কোষাধ্যক্ষ ৰাজেন্দ্ৰ নাথ হাজৰিকা , উপসভাপতিদ্বয় পঞ্চানন শৰ্ম্মা আৰু গোলোক শইকীয়া , ৰাসোৎসৱৰ সাধাৰণ সম্পাদক ভবেন বৰ্মন, জলসিঞ্চন বিভাগৰ অৱসৰী সচিব হৰেন কাকতি আদি উপস্থিত থাকে ।

প্ৰায় চাৰি শতাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থকা উক্তসভাতেই মঙলদৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সম্পাদনাত ৰাসোৎসৱ উপলক্ষে প্ৰকাশিত স্মৰনিকা ‘পাঞ্চজন্য’ উন্মোচন কৰে মঙলদৈ কলেজৰ অধ্যক্ষ কমলা কান্ত বৰাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply