মঙলদৈঃ দৰঙৰ ওন্দোলাঝাৰস্থিত পূব মঙলদৈ আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলে মঙ্গলবাৰে প্ৰাক ৰঙালী বিহু উদযাপন কৰে । শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ কুলদীপ কলিতাৰ তৎপৰতাত আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগিতাত প্ৰাক্-ৰঙালী বিহু আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে।

উক্ত অনুষ্ঠানত  জিলা শিক্ষা বিভাগৰ প্ৰকল্প অভিযন্তা ধ্ৰুৱজ্যোতি নাথ , সাংবাদিক আছাদ আলীৰ  লগতে স্থানীয় ৰাইজ তথা অভিভাৱক সকলেও অংশগ্ৰহণ কৰে। প্ৰাক ৰঙালী উদযাপন উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিহু নৃত্যৰ উপৰিও বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ৰচনা প্ৰতিযোগিতা, ঢোল-বাদন, দলীয় নৃত্য আদি অনুষ্ঠিত কৰা হয়।

লগতে পঢ়কঃ১৬-১৭এপ্ৰিলত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন

আনহাতে অনুষ্ঠানৰ শেষত বক্তব্য প্ৰসংগত বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে অসমীয়া কলা-সংস্কৃতি ৰক্ষাৰ দৰে এটি মহান উদ্দেশ্য আগত ৰাখিয়েই  তেওঁলোকে এনে এটি অনুষ্ঠান ৰঙালী বিহুৰ প্ৰাকক্ষণত বিদ্যালয়ত অনুষ্ঠিত কৰিছে বুলি মত পোষণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,465 other subscribers

Leave a comment

Leave a Reply Cancel reply