প্ৰবীণ বৰুৱা, মঙলদৈঃ ‘সাহিত্য হৈছে এটা জাতিৰ দাপোন। জাতি, ভাষা, কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিব কেৱল সাহিত্যইহে। সাহিত্যই আমাৰ অঞ্চলটোক, আমাৰ দেশখনক বিশ্বত চিনাকি কৰাই দিব।’- এইদৰে কয় দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ পৃথুৰাম বৰুৱাই। মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত মঙলদৈ সাহিত্য চ’ৰখৰ ২৪৪তম বৈঠকত প্ৰবন্ধ পাঠ কৰি বৰুৱাই সাহিত্য চ’ৰাত ভাষণবাজৰ বিপৰীতে সাহিত্য চৰ্চা , সাহিত্য পাঠে নতুন নতুন সাহিত্য সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, গীত-কবিতা, গল্প, প্ৰবন্ধ পাঠ আৰু সাহিত্য আলাপৰে মুখৰিত হৈ পৰে মঙলদৈ চহৰৰ বেগা নদীৰ পাৰ। বসন্তৰ মধুৰতম সময় হৈছে এই বহাগ। বহাগৰ আবেলি অৰ্ধশতাধিক সাহিত্যিকৰ উপস্থিতিত অধিক মধুময় হৈ পৰে সাহিত্য চ’ৰাৰ বৈঠক। মানৱ সমাজক কাক বেছি প্ৰয়োজন― পাৰিবাৰীক সুখ-শান্তি লাভ কৰা এজন সফল পতি আৰু পিতৃ ছক্ৰেটিছক নে মহাদাৰ্শনিক ছক্ৰেটিছক? সুখৰ সাগৰত সাঁতুৰী-নাদুৰি থকা লিংকনক নে নতুন আমেৰিকা নিৰ্মাণ কৰা মহানায়ক লিংকনক?- বৈঠকত আৰম্ভণিতে বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ মুনিন্দ্ৰ বৈশ্যই এইদৰে কয়।
উদীয়মান শিল্পী তাৰা শংকৰ শইকীয়াই বকুলৰ সুগন্ধি গীতেৰে আৰম্ভণি কৰা আৰু সাহিত্যিক তথা সাহিত্য চ’ৰাৰ সভাপতি তৰুণ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত বৈঠকত বিন্দু ৰাজবংশী কলিতাই কান্ধত মোনাখন নামৰ প্ৰবন্ধ পাঠৰ জৰিয়তে অসমত ১৪খনকৈ কেন্সাৰ চিকিৎসালয় উপহাৰ দিয়া ৰতন টাটাক কৃতজ্ঞতা জনাই মোনাখনৰ আক্ষৰিক গুৰুত্ব বাখ্যা কৰে। সেইদৰে লিলি বৈশ্য কলিতাৰ ‘কথাটো গুপুতে থাকক’ নামৰ কবিতাই জীৱনৰ চন্দ্ৰ দাঙি ধৰে।
কলাইগাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্বাশ্বতী শৰ্মাৰ ‘কবিতা এৰি যাব নোৱাৰো’, পপী চহৰীয়াৰ চিগাৰেট, দ্বীপেন বৰুৱাৰ বহাগীলৈ চিঠি, মামনি গোস্বামীৰ এটি ৰাতি পুৱাল, অৰুণ বৰুৱাৰ কবিতা , চপাই সাহিত্য সভাৰ সভাপতি কৈলাশ শৰ্মাৰ কৰুণা বিষয়ক গল্প, প্ৰবীন বৰুৱাৰ এধানী মৰমৰ বুলনী, আনিমা চহৰীয়াৰ বসন্তৰ আগমন, আদিয়ে সকলোকে আপ্লুত কৰে।
সাহিত্য চ’ৰাৰ সম্পাদক পদ্মেশ্বৰ চহৰীয়াই আঁত ধৰা সভাখনত অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা , মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা , সম্পাদক লক্ষীনন্দন কলিতা , আছুৰ বিত্ত সম্পাদক খনিন্দ ৰাজবংশী , অন্যান্য পিছপৰা উন্নয়ন বৰ্ডৰ অধ্যক্ষ জিন্তু মনি বৰুৱা , সাংবাদিক মকচেদ আলী , লোকেশ্বৰ বৰুৱা, উজ্জ্বল জোতি ডেকা আদিয়ে অংশগ্ৰহণ কৰে।