প্ৰবীণ বৰুৱা, মঙলদৈঃ কৃত্ৰিম বানত ডুব গ’ল মঙলদৈৰ এখন বিদ্যালয়। মঙলদৈ পিপৰাদোকানৰ ২২৬নং নগাঁও প্ৰাথমিক বিদ্যালয় বৰষুণৰ পানীত ডুব যায়। পটালচিংপাৰা গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ অভিযোগ মতে, বিদ্যালয়খনৰ পশ্চিম দিশত থকা মাটিখিনিৰ মালিক গগণ কলিতা নামৰ ব্যক্তিজনে ইচ্ছানুসৰি এবছৰ পূৰ্বে বিদ্যালয়ৰ পানী ওলাই যোৱা নলাটোত ট্রেক্টৰেৰে মাটি পেলাই সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে।
বিদ্যালয় কৰ্তৃপক্ষই বহুবাৰ গগণ কলিতাক এই বিষয়ে আপত্তি দৰ্শোৱাৰ পাছতো আজিকোপতি তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। যোৱা কিছুদিন ধৰি ফিল্ডখনত একাঁঠু পানী জমা হৈ থকাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত হাঁহাকাৰৰ সৃষ্টি হয়।
উপায়ন্তৰ হৈ বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি গৰাকীয়ে গগন কলিতাক ফোন যোগে কথাটো অৱগত কৰে যদিও ওলোটাই সভাপতি গৰাকীক ধমক দিয়ে বুলি অভিযোগ উত্থাপন হৈছে। তদুপৰি তেখেতে ইমান দিনে কথাতো পাহৰি থকা বুলিহে জনায়।