মঙলদৈঃ মঙলদৈ প্ৰফুল্ল নগৰৰ ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন। ইংৰাজী ১৯৯৫ চনতে আৰম্ভ কৰা পাৰিজাতখনে ইতিমধ্যে গৌৰৱ উজ্জ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিছে। সেয়েহে অহা ১৫ আৰু ১৬ মে’ ২০২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উৎসৱ। ৰূপালী জয়ন্তী উৎসৱৰ প্ৰথম দিনা ৰাতিপুৱা ৭-০০বজাত পৰিৱেশ নিকাকৰন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। ৰাতিপুৱা মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰবোধ শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক সত্যৰঞ্জন ডেকাৰ দ্বাৰা স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব।

ৰূপকোঁৱৰ মইনা পাৰিজাতৰ সভাপতি পংকজ শৰ্মাই সদৌ অসম মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰাৰ পিছতে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ পতাকা উত্তোলন কৰিব ৰূপালী জয়ন্তী উৎসৱ উৎযাপনৰ সভাপতি গিৰিধৰ কলিতাই। ৰূপালী জয়ন্তী উৎসৱ উপলক্ষ্য ২৫খন পতাকা উত্তোলন কৰিব ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ২৫ গৰাকী মইনাই। মঙলদৈ অঞ্চলৰ ২৫গৰাকী বিশিষ্ট অতিথিৰ দ্বাৰা ২৫ টা ফল-মূলৰ পুলি ৰোপন কৰা হ’ব। এই কাৰ্যসূচীৰ পিছতেই জিলাখনৰ কণমানি সকলৰ মাজত বিষ্ণু, জ্যোতি, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগীতা অনুষ্ঠিত হ’ব।

আবেলি ৩-০০ বজাত বীৰেন্দ্ৰ বৰুৱা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হ’ব ন-পুৰনী মইনা- পৰিচালক সতীৰ্থ সন্মিলন।এই সন্মিলন খন উদ্ধোধন কৰিব জ্ঞান বিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতাই। মুখ্য সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব প্ৰাক্তন মইনা তথা বিশিষ্ট চিত্ৰ শিল্পী মৃত্যুঞ্জয় দেৱ শৰ্মা। ৰূপালী জয়ন্তী উৎসৱ উদযাপন উপলক্ষে সন্ধিয়া ২৫ গৰাকী আইমাতৃৰ দ্বাৰা ২৫ গছি বন্তি প্ৰজ্বলন কৰা হ’ব এই বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত বিশেষ ভাৱে উপস্থিত থাকিব দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা। ৰঞ্জিত ওজা আৰু দেৱ শৰ্মা সোঁৱৰণী মঞ্চত অনুষ্ঠিত কৰা হব বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উক্ত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী ভানু ডেকা চহৰীয়াই।

ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত কৰা হব সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা। দুপৰীয়া অনুষ্ঠিত হ’ব জিতেন ভাগৱতীৰ সভাপতিত্বত মুকলি সভা। মুকলি সভা উদ্বোধন কৰিব অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। সভাত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, বিধায়ক পৰমানন্দ ৰাজবংশী,প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট ৰ সঞ্চালক ৰিনিকি ভূঞা শৰ্মা, অসম চৰকাৰৰ উচ্চ শিক্ষা আৰু সাধাৰণ প্ৰশাসনৰ সচিব এচ এচ মনিৱন্নন, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, ND24ৰ সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মা, মঙলদৈ মহাবিদ্যালয় অধ্যক্ষ ড০ কমলা কান্ত বৰা, বিশিষ্ট ব্যৱসায়ী ৰাজীৱ কুমাৰ ডেকা। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, মঙলদৈ মহাবিদ্যালয় অধ্যাপক ড মঞ্জুৰানী কলিতা, মইনা অতিথি হিচাপে উপস্থিত থাকিব নন্দিতা প্ৰিয়ম নাথ,জ্যোতিস্মিতা দত্ত। সন্ধিয়া কমলা কান্ত বৰুৱা সোঁৱৰণী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত কৰা হ’ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে।

লগতে পঢ়কঃবোকাখাতত চিকিৎসালয় পৰিচালনা সমিতি, মহকুমা ভূমি পৰামৰ্শদান সমিতিৰে মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply