মঙলদৈঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতিত ১৯ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি উদযাপন কৰা হ’ব ৩৮তম শ্বহীদ দিৱস। ৰাজ্যৰ আন প্ৰান্তৰ লগতে মঙলদৈ শ্বহীদ ভৱনতো মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব শ্বহীদ দিৱস।
কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, ৯.৩০ বজাত শ্বহীদ তৰ্পন, ১০ বজাত আয়তী সকলৰ দিহানাম প্ৰদৰ্শন, ১০.৩০ বজাত সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰা হ’ব।
চিত্ৰাংকন প্ৰতিযোগিতাত ২টা শাখা ক্ৰমে- ‘ক’ শাখাঃ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু ‘খ’ শাখাঃ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুষ্ঠিত কৰা হ’ব বুলি আন্ত:মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সম্পাদক চাহিল চৌধুৰীয়ে জানিব দিয়ে।