মঙলদৈঃ মঙলদৈৰ নিকটৱৰ্তী বাঘপৰিত অৱস্থিত আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদে ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ দিনাই তেওঁক বিদ্যালয় শিক্ষক গোট, বিদ্যালয় পৰিচালনা সমিতি, আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনী, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, বাঘপৰি শাখা সাহিত্য সভা আদিয়ে গামোচা, শৰাই, জাপি মানপত্ৰ, গ্ৰন্থৰ টোপোলা, ছাতি আদিৰে সম্বৰ্ধনা জনাই উপচাই পেলায়।

ইফালে, তেওঁৰ ভাতৃ সকলে এই বিদায় সম্বৰ্ধনা অনুষ্ঠানতেই এটা সোণৰ আঙুঠিৰে তেওঁক সম্বৰ্ধনা জনায়। ১৯৮৬ চনত বিদ্যালয়খনৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক হিচাপে যোগদান কৰি ৩ বছৰ প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰি পিছত এই গুৰুদায়িত্ব এৰি সহকাৰী শিক্ষক হিচাপে শিক্ষকতা আৰম্ভ কৰে। সুদীৰ্ঘ ২৭ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰাৰ পিছত ২০১৩ চনত তেওঁৰ চাকৰি নিয়মীয়া হোৱাতহে দৰমহা লাভ কৰে।

শিক্ষক হানিফ উদ্দিন আহমেদে পিছ পৰা চৰ-চাপৰি অঞ্চলত জ্ঞানৰ পোহৰ বিলাই জীৱনৰ মূল্যবান সময় নষ্ট কৰে যদিও ছাত্র-ছাত্ৰী সকলৰ মুখৰ ফালে চাই তাতেই পৰম সন্তুষ্টি লাভ কৰে বুলি কয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমজেদ আলী আহমেদৰ সভাপতিত্বত সোমাবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হয় এই বিদায় সম্বৰ্ধনা সভা।

সভাত উপস্থিত থাকি বিদ্যালয়ৰ ভূমি দাঁতা আব্দুল জলিল, অৱসৰী শিক্ষক আলহাজ মজিবৰ ৰহমান, নুৰল ইছলাম মণ্ডল, বান্দিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মাহমুদা বেগম, আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰহমত আলি প্ৰমুখ্যে কেবাগৰাকীও শিক্ষক, প্ৰাক্তন ছাত্ৰ, স্থানীয় লোকে সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদৰ কৰ্মৰাজীৰ শলাগ লয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমানে আঁত ধৰা সভাখনত প্ৰধান শিক্ষক গৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি ছৈয়দুল ইছলামৰ সম্পাদনাত প্ৰকাশ কৰা ‘চানেকি’ নামৰ পুস্তিকাখন উন্মোচন কৰে সাংবাদিক সংগঠন ‘আপকু’ৰ সভাপতি আব্দুল খালেকে।

উল্লেখযোগ্য যে, একেটা দিনতেই অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ সহকাৰী শিক্ষক দেবানন্দ দাস আৰু ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা সহকাৰী শিক্ষয়িত্ৰী জোনেশ্বৰী বনিয়াকো ৰাজহুৱাকৈ বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায় সভাৰ পিছত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদক হাতীৰ পিঠিত উঠাই তেওঁৰ ঘৰলৈ সমদল কৰি লৈ যোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply