প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ বেজপাৰাস্থিত হলীচাইল্ড পাবলিক স্কুলৰ শিক্ষক নিত্যানন্দ নাথ নামৰ শিক্ষক জনে সপ্তম শ্ৰেণীৰ ছাত্ৰ জ্যোতি পল কাশ্যপক  শুকুৰবাৰে বেয়াকৈ প্ৰহাৰ কৰি চিকিৎসাধিন হ’ব লগা অৱস্থা হয়। এই ঘটনাৰ ফলত ছাত্ৰজনৰ লগতে মাক দেউতাক সম্পূৰ্ণৰূপে মানসিকভাবে ভাগি পৰিছে।

বৰ্তমানেও ছাত্ৰ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। এই ক্ষেত্ৰত স্কুলৰ সত্বাধিকাৰ তথা সঞ্চালকেও দায় সৰা মন্তব্য কৰা বুলি ভুক্তভোগী ছাত্ৰ জনৰ অভিভাৱকে আক্ষ্যেপ  প্ৰকাশ কৰে।

যিটো সময়ত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ বাবে যি উন্নত মানৰ চিন্তা ধাৰাৰে গুণোৎসৱৰ ব্যৱস্থা কৰি শৈক্ষিক দিশতোক সকলো ফালৰপৰা অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনেস্থলত গুণোৎসৱৰ মাজতে এজন শিক্ষকে নিৰ্দোষী ছাত্ৰ এজনৰ ওপৰত শাৰীৰিক আৰ মানসিকভাবে নিৰ্যাতন চলাই কি শিক্ষা দিব বিচাৰিছে । 

স্কুল কৰ্তৃপক্ষৰ ওচৰত ভৰষা কৰি বিদ্যালয়লৈ পঢ়িবলৈ পঠোৱা ছাত্ৰ-ছাত্ৰী এতিয়া কিমান সুৰক্ষিত ? এই ক্ষেত্ৰত শিক্ষক জন তথা স্কুল কতৃপক্ষৰ ওপৰত  প্ৰশাসনে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply