মঙলদৈঃ দৰঙৰ শাকতোলা মথাউৰীত উত্তপ্ত পৰিস্থিতি। থেকেৰাবাৰীৰ ভোকেলিমৰাত মথাউৰী কাটিলে বন্যাৰ্তই।শাকতোলা নৈৰ বানত এসপ্তাহ ধৰি বুৰি আছে বৰথেকেৰাবাৰী আৰু ৰঙামাটি অঞ্চলৰ বহুকেইখন গাওঁ।
বন্ধ পানী ওলাই যাবলৈ পুনৰ এই অঞ্চলটোতে প্ৰশাসনৰ বাধা নামানি প্ৰশাসনৰ আগতে শাকতোলাৰ মথাউৰি কাটিলে ৰাইজে।ইয়াৰ ফলতে অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
উত্তপ্ত ৰাইজে সাংবাদিককো প্ৰৱেশ কৰিবলৈ দিয়া নাই অঞ্চলটোত। উল্লেখ্য যে, শ্লুইচ গেট সৰু হোৱাৰ বাবে পানী ওলাই যাব নোৱাৰি এসপ্তাহে জলমগ্ন হৈ আছে মঙলদৈৰ প্ৰায় দহ খন গাওঁ৷