মঙ্গলদৈঃ মঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা অপৰাধী দুজন হবিবুৰ আৰু ৰাহাতুল্লা আলী।

যোৱা ১ নৱেম্বৰৰ দিনা অপৰাধী দুজনে মঙলদৈ ৬ নং ৱাৰ্ডৰ ইছলামপুৰৰ পৰা গুৱাহাটীলৈ ভাড়া কৰি আনিছিল এখন ই-ৰিস্কা। ই-ৰিস্কা খনৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই বৰপেটাৰৰ তাঁৰাবাৰীত ই-ৰিস্কা খন বিক্রী কৰে।

উক্ত ঘটনা সংঘটিত হোৱাৰ ৭২ ঘন্টাৰ ভিতৰতে মঙ্গলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়া আৰু উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ নেতৃত্বত এক অভিযান চলে।

অভিযানত মঙ্গলদৈ হলৌচৌকাৰ হবিবুৰ ৰহমান সহ আৰু বৰপেটা তাৰাবাৰীৰ ৰাহাতুল্লা আলীৰ ঘৰৰ পৰা ই-ৰিস্কাখন উদ্ধাৰ কৰাৰ লগতে দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply