মঙলদৈঃ মঙলদৈৰ ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা চোৰে চাফাই অভিযান চলায়। চোৰে লুটি নিলে বিদ্যালয়খনৰ বহু মূল্যৱান সামগ্ৰী।

বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি চোৰে লৈ গ’ল কম্পিউটাৰ, প্ৰিন্টাৰ, পানী মটৰ, হাৰমনীয়াম আৰু বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ।

শনিবাৰে পুৱাৰ ভাগত বিদ্যালয়খনৰ কৰ্মচাৰী উপস্থিত হোৱাত প্রত্যক্ষ কৰে সমগ্ৰ ঘটনা। লগে লগে অধ্যক্ষ কল্পনা দেৱীক ঘটনা সন্দৰ্ভত সমস্ত ঘটনা অৱগত কৰে। বৰ্তমান বিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply