মঙলদৈ, প্ৰবীণ বৰুৱাঃ মঙলদৈৰ ২নং বেজপাৰাৰ পিতৃ মাতৃহীন তুলিকা হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটিৰ দুৰ্দশাৰ কথা চৰ্চিত হৈ থকাৰ পিছতে মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে পুনৰ উপস্থিত হৈ ল’ৰা-ছোৱালী দুটিৰ খোৱা-বোৱাত সুবিধা হোৱাকৈ ৰন্ধন গেছৰ ব্যৱস্থা কৰি দিয়ে। প্ৰাক্তন বিধায়ক গৰাকীয়ে কলেজত অধ্যায়নৰত তুলিকা হাজৰিকাৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে, মঙলদৈ ২নং বেজপাৰাৰ তুলিকা হাজৰিকা নামৰ ১৯ বছৰীয়া ছোৱালীজনী পিতৃ-মাতৃহাৰা হোৱাৰ পিছত পঢ়া-শুনা বাদ দি দুটি ভায়েকৰ সৈতে এটা ভঙা পঁজাত জীৱন অতিবাহিত কৰিব লগা দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সৰু ছোৱালী জনীয়ে ভায়েক দুজনক লৈ দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰিবলৈ অপাৰগ হৈ পৰিছিল।

বিভিন্ন প্ৰচাৰ মাধ্যমত এই কথা প্ৰকাশ হোৱাৰ পিছতে বিধায়ক বসন্ত দাস ছোৱালী জনীৰ ঘৰত গৈ উপস্থিত হৈ চৰকাৰী বিভিন্ন বিভাগৰ দ্বাৰা পৰিয়ালটিক সহায় কৰা হ’ব বুলি মন্তব্য কৰিছিল। প্ৰচাৰ মাধ্যম যোগে পৰিয়াল টিৰ দুৰ্দশাৰ কথা জানিব পাৰি অসম চৰকাৰৰ মীন উন্নয়ন বিভাগৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসেও পৰিয়ালটিৰ ওচৰত গৈ থিয় দি ৰন্ধন গেছৰ লগতে পঢ়া-শুনাৰ দায়িত্বও লয়। প্ৰাক্তন বিধায়ক গৰাকীৰ এই মহানুভৱতাক ওচৰ চুবুৰীয়াই শলাগ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply