মঙলদৈঃ মঙলদৈত উপস্থিত কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী। দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ‘মন কি বাত’ কাৰ্যসূচীত অংশগ্ৰহণেৰে জিলা প্ৰশাসনৰ বিষয় ববীয়া সকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক লগতে উপস্থিত থাকে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, অভিভাৱক মন্ত্ৰী চন্দমোহন পাটোৱাৰী, মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ দিশত দেশৰ আন উন্নত ৰাজ্যৰ সমকক্ষ কৰাৰ প্ৰচেষ্টা সদায় আগস্থান দিয়ে বুলি উল্লেখ কৰে৷
লগতে মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে দৰং জিলাৰ স্বাস্থ্য আৰু স্কুলৰ উন্নয়নৰ বাবে কয়লা মন্ত্ৰণালয়ৰ কৰ্পৰেট ছচিয়েল ৰেস্পনছিবিলিটীৰ পৰা দুই কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে।