মঙলদৈঃ দৰং জিলাৰ মঙলদৈত থকা কস্তুৰী শিশু গৃহত মঙলদৈ মহিলা কল্যাণ সমাজৰ উদ্যোগত বিশ্ব অটিজিম সজাগতা দিৱস মঙলবাৰে উদযাপন কৰে। আজিৰ এই দিনটোত ভুক্তভোগী যুৱতী জ্যোতিস্মৃতা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।
সমাজসেৱী এনি ভূঞাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকি বিশ্ব অটিজিম সজাগতাৰ ওপৰত বক্তব্য আগবঢ়াই লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাস, শিক্ষানুস্থান ৰামধেনুৰ সঞ্চালক গকুল বৈশ্য, উদ্যোগপতি অনুপম ডেকা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, মঙলদৈ মহিলা কল্যাণ সমাজৰ উপদেষ্টা ড০ ৰাধিকা দেৱী, দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগৰ প্ৰশমন বিভাগৰ বিষয়া জগদীশ ভট্টাচাৰ্য,
সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, মঙলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা দেৱাশ্ৰী কাকতি, দেওমৰনৈ বি-এড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰাজশ্ৰী শৰ্মা মিশ্ৰ, ৰক্ত দাতা শেখৰ মজুমদাৰ, অধিবক্তা দ্বীপশিখা শৰ্মা, স্বেচ্ছাসেৱী সংগঠন মানুহে মানুহৰ বাবে দৰং অসমৰ বিষয়ববীয়া ৰাতুল ডেকা,সমাজ কল্যাণ বিভাগৰ মহিলা শক্তি কেন্দ্ৰৰ কৰ্মচাৰী মৌচুমী কলিতাই।
অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ মহিলা কল্যাণ সমাজৰ সভানেত্ৰী ৰশ্মি ৰেখা শৰ্মাই । আজিৰ এই অনুষ্ঠানটোত অৰ্ধশতাধিক লোক উপস্থিত থাকে।