গুৱাহাটী : মঙলবাৰে ‘দ্য ইণ্ডিজেনাছ প্রগ্রেছিভ বিজিঅনাল এলায়েন্স (টিএ) অধ্যক্ষ প্রদ্যুৎ মাণিক্য দেৱবৰ্মাই অসম জাতীয় পৰিষদৰ আমন্ত্রণ মর্মে অসম জাতীয় পৰিষদৰ জাতীয় কর্মীসভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ পিছত দুয়ােটা দলৰ যুটীয়া বক্তব্য ঘােষণা কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে ৰাজ্যৰ বঞ্চিত, নিষ্পেষিত, শােষিত জাতিসত্বাসমূহে একে দৃষ্টিভংগীৰে, ঐক্যবদ্ধভাৱে আগবঢ়াৰ বিষয়ত ঐক্যমত পােষণ কৰি আমি আঞ্চলিক ৰাজনৈতিক জাতীয় সংগ্রামখন তীব্রতৰ কৰি তােলাৰ সংকল্প গ্রহণ।
অসম জাতীয় পৰিষদ আৰু ‘দ্য ইণ্ডিজেনাছ প্রগ্রেছিভ ৰিজিঅনাল এলায়েন্স (টিপ্রাই সিদ্ধান্ত গ্রহণ কৰে যে দুয়ােটা দলে ৰাজনৈতিক সহযােগিতাৰ এক শুভ আৰম্ভণি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে আঞ্চলিক দলক লগত লৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক আন্দোলন গঢ়ি তুলিব৷ এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে আঞ্চলিক দলৰ সৈতে আলােচনা মর্মে শীঘ্রেই ঘােষণা কৰা হ’ব৷ ইতিপূর্বে সংসদত পাৰিত হােৱা নাগৰিকত্ব (সংশােধনী) আইন চমুকৈ কা’ তৎকালে বাতিল কৰক। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম শীঘ্ৰেই সম্পূর্ণ কৰক। ত্ৰিপুৰা ৰাজ্যৰ ত্ৰিপুৰীসহ খিলঞ্জীয়া জনগােষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সংৰক্ষণৰ হকে সাংবিধানিক ব্যৱস্থা প্রৱৰ্তন কৰক৷ টিপ্ৰালেণ্ড/বৃহত্তৰ টিপ্রালেণ্ডৰ দাবী মানি লওক৷ অসম চুক্তিৰ সকলাে দফা সঠিকভাৱে ৰূপায়ন কৰক৷ অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্রতিবেদন ৰূপায়নেৰে অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ প্রদান আৰু অসমীয়া জাতিৰ ভাষা-সাহিত্যসংস্কৃতি ৰক্ষাৰে জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে দুয়ো দলে।
অসম জাতীয় পৰিষদৰ জাতীয় কর্মীসভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ দীঘলীয়া ইতিহাস অতিক্রমী উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগােষ্ঠীসমূহৰ অস্তিত্ব আজি সংকটৰ মুখত। এই কথা কাৰাে অজানা নহয়৷ দেশে স্বাধীনতা লাভৰ ৭৫ বছৰীয়া জয়ন্তী। সগৌৰৱে উৎযাপন কৰি থকা সময়তাে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জনগােষ্ঠীসমূহে স্বাভিমানৰ সৈতে ভাৰতৰ মানচিত্ৰৰ ভিতৰত টিকি থাকিবলৈ সংগ্রাম কৰিবলগীয়া হােৱাটো নিঃসন্দেহে দুর্ভাগ্যজনক। অসমসহ উত্তৰ-পূৱৰ সাতােখন ৰাজ্যৰ আদি বাসিন্দা জনগােষ্ঠীসমূহে উপলব্ধি কৰিবলৈ লৈছে যে। ভাৰতীয় জনতা পার্টি (বিজেপি) দলে এই প্রান্তত তেওঁলােকৰ সআধিপত্য বিস্তাৰৰ সংকল্প ৰূপায়নৰ বাবে চলােৱা অতিকেন্দ্রিক প্রয়াসৰ মূল্য ভৰিবলগীয়া হৈছে এই অঞ্চলৰ জনসাধাৰণে৷ বিজেপি দলৰ সাম্প্রদায়িক আৰু কেন্দ্রীভূত নীতিৰ অংশ হিচাপে দলৰ চৰকাৰসমূহে এই অঞ্চলত তেওঁলােকৰ নিজস্ব ধাৰণাৰ হিন্দুত্ববাদ (যি উদাৰ হিন্দু সংস্কৃতিতকৈ পৃথক)ৰ প্ৰসাৰ কৰিবলৈ যােৱাৰ ফলত এই অঞ্চলৰ স্থানীয় কৃষ্টি-সংস্কৃতিৰ প্রতি ভাৱকি আহি পৰিছে৷ জনগােষ্ঠীয় ভাষা-সংস্কৃতি বিপন্ন হােৱাৰ এই আশংকা অধিক ঘনীভূত হৈ পৰে যেতিয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে কেৱল ভােটবেংক সৃষ্টিৰ লক্ষ্যেৰে উত্তৰপূর্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ তীব্ৰ বিৰােধক আওকান কৰি নাগৰিকত্ব (সংশােধনী) আইন চমুকৈ কা’ প্রৱর্তন কৰে৷
গগৈয়ে লগতে কয় এই কথা সর্বজনবিদিত যে পূর্ববংগৰ পৰা হােৱা অবাধ প্রব্রজনৰ ফলত ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্রিপুৰী জনগােষ্ঠী ইতিপূর্বেই সংখ্যালঘু জনগােষ্ঠীত পৰিণত হৈছে৷ পৰিস্থিতিয়ে এনে পর্যায় পাইছেগৈ যে ১৯৪১ চনৰ লােকপিয়লত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬২.০৬ শতাংশ দখল কৰি থকা ত্রিপুৰী খিলঞ্জীয়া জনগােষ্ঠীৰ জনসংখ্যা ২০১১ চনৰ লােকপিয়লত ৩১.৭৮ শতাংশলৈ নামি আহে৷ অবাধ প্রব্রজনে সংখ্যালঘুত পৰিণত কৰি তােলাৰ বাবে ত্ৰিপুৰীসকলে নিজৰ মাতৃভাষা ককবৰকক ৰাজ্যভাষা হিচাপে প্রতিষ্ঠিত কৰাত ব্যর্থ হােৱাৰ পৰিপ্ৰেক্ষিতত বাংলা ভাষা ৰাজ্যখনৰ ৰাজ্যভাষা হিচাপে ঘােষিত হয় আৰু পৰিণতিস্বৰূপে আজি ত্রিপুৰীসকলৰ মাতৃভাষা ককবক বিলুপ্তপ্রায় ভাষাৰ পর্যায়লৈ গতি কৰে৷ অসমলৈ হােৱা অবাধ প্রব্রজনে ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত প্ৰভাৱ পেলােৱাৰ বিষয়টোক লৈ অসমীয়া মানুহে দীর্ঘদিনৰে পৰা উদ্বিগ্নতা ব্যক্ত কৰি থকাৰ মাজতে ২০১১ চনৰ লােকপিয়লৰ তথ্যত প্রকাশ পাইছে যে অসমত অসমীয়াভাষী মানুহৰ জনসংখ্যা ৪৭ শতাংশলৈ নামি আহিছে৷
লগতে পঢ়ক : নিয়োগ বাৰ্তা : Assam Petro-chemicals Limited –ত নিযুক্তি মুকলি
২০২১ চনৰ লােকপিয়লত এই সংখ্যা আৰু ৫ শতাংশ অধিক হ্রাস পাব বুলি ধাৰণা কৰা হৈছে৷ এই কথা জনাৰ পিছতাে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে কা’ প্রৱৰ্তন কৰি অসমীয়া জাতিৰ অস্তিত্ব আৰু পৰিচয়ৰ সংকটক গভীৰতৰ অৱস্থালৈ ঠেলি দিলো। অবাধ প্ৰব্ৰজনে ত্ৰিপুৰাৰ ভূমিপুত্ৰ ত্ৰিপুৰীসকলক যেনেদৰে সংখ্যালঘুত পৰিণত কৰাৰ লগতে। তেওঁলােকৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা কাঢ়ি নি জনগােষ্ঠীটোক নিশকতীয়া কৰি পেলালে, তেনে অৱস্থা যে অসমীয়া জাতিৰাে হ’বলৈ গৈ আছে সেই কথা অসমীয়া মানুহে গভীৰভাৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে আৰু এনে প্রেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগােষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সুৰক্ষাৰ ৰাজনৈতিক সংগ্রামখনক ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়ান প্রয়ােত্ততি ! বদ্ধভাৱে আগবঢ়াই নিন প্রয়োজনীয়তা উপলব্ধি কৰা হৈছে।