নিউজ ডেস্কঃ মণিপুৰৰ ভূমিস্খলনৰ ঘটনাই এটাৰ পাছত আন এটা বেয়া খবৰ কঢ়িয়াই আনিছে। ৩০ জুনত ৰাজ্যখনৰ ননে জিলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। আৰু বৰ্তমানলৈ ভূমিস্খলনৰ এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ১৫জন সেনাৰ আৰু ৫জন অসামৰিক লোক। যোৱা কেইবাদিন ধৰি ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৃষ্টিপাতৰ ফলতেই সংঘটিত হয় এই ভূমিস্খলন।

ইফালে, উদ্ধাৰ কৰা মৃতদেহ কেইটাৰ ভিতৰত ১৮ গৰাকী টেৰিট’ৰিয়েল জোৱানৰ আৰু আন ৬ গৰাকী অসামৰিক লোকৰ মৃতদেহ। আনহাতে, সন্ধানহীন হৈ আছে ১২ গৰাকী জোৱান। উল্লেখ্য যে, ভূমিস্খলনৰ ফলত টুপুল ষ্টেচনৰ সমীপত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ শিবিৰ ভাঙি পৰাৰ পাছত যোৱা তিনিদিন ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।

এই দুঃখবৰৰ মাজতে আজি দুপৰীয়া ভাগত পুনৰ মণিপুৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যাৰ বাবে অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। আনহাতে, টেৰিটৰিয়েল আৰ্মীৰ বিষয়া-জোৱানৰ মৃতদেহ বায়ুসেনাৰ বিমানেৰে প্ৰেৰণ কৰা হৈছে স্ব-গৃহলৈ। লগতে মৃত জোৱানসকলক মণিপুৰত জ্ঞাপন কৰা হৈছে শেষ শ্ৰদ্ধাঞ্জলি।

উল্লেখ কৰাৰ প্ৰয়োজন যে, আজি পুৱাই মণিপুৰত উপস্থিত হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা। মণিপুৰৰ বিমান বন্দৰৰ পৰা ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা স্থানলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী। ইফালে, ভূমিস্খলনস্থলীত অসমৰো বহু লোক মাটিৰ তলত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

আনহাতে, টুপুল য়াৰ্ড ৰেলৱে নিৰ্মাণ কাৰ্যত জড়িত অসমৰ ১৭ গৰাকী শ্ৰমিক বৰ্তমানো সন্ধানহীন। দুখবৰ যে, এই ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে বজালীৰ সেনা জোৱান জিয়াৰুল ইছলামে। ইয়াৰোপৰি, অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এজন শ্ৰমিক এই ঘটনাত নিহত হোৱাৰ লগতে আন ৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনক লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱৰ গোপাল ফুকন বুলি চিনাক্ত কৰা হৈছে।

ইফালে, সন্ধানহীন হৈ থকা অসমৰ আন শ্ৰমিকৰ ভিতৰত আছে- লাহৰিঘাটৰ কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈ, হনুমান কোঁৱৰ , চানল কোঁৱৰ , উৎপল ফুকন , মমিন ডেকা ৰাজা , খোৰাগচাইবাৰী গাঁৱৰ আকাশ এল, ৰাম , পল্লৱ লোৰাম , দেৱজিৎ ফুকন , বগ্যন্ত লোৰাম , ৰামু ফুকন , কুশতালীৰ জুনতি বাৰাদ আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা।

উল্লেখ্য যে, মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। লগতে ভূমিস্খলনত আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰা হৈছে। আজি তৃতীয় দিনাও উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান। এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ৪০ জন লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply