নিউজ ডেস্ক: বুধবাৰে নিশাৰ পৰা নোনে’ জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত এতিয়ালৈকে অসমৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৬ জন সন্ধানহীন হৈ আছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে এই পৰ্যন্ত অসমৰ ৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক মণিপুৰতে চিকিৎসা কৰি থকা হৈছে।

আনহাতে, মুখ্য মন্ত্ৰীয়ে উক্ত দুৰ্যোগৰ ফলত আৱদ্ধ হৈ পৰা অসমৰ লোকসকলৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ মন্ত্ৰী পিযুষ হাজৰিকাক মণিপুৰলৈ যাবলৈ নিৰ্দেশ দিছে।  

উল্লেখযোগ্য যে মণিপুৰৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণ কেম্পত ভূমিস্খলনস্থলীৰ পৰা এতিয়ালৈকে ১৭ টা মৃতদেহ উদ্ধাৰ হৈছে আৰু প্ৰায় ৫০ জন এতিয়াও সন্ধানহীন হৈ আছে।

“মণিপুৰৰ ভূমিস্খলনত অসমৰ মৰিগাঁৱৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱা বুলি খবৰ পাই দুখ পাইছো, ৫ জন লোক চিকিৎসাধীন হৈ আছে আৰু ১৬ জন এতিয়াও সন্ধানহীন হৈ আছে,” শৰ্মাই টুইটাৰত কয়।

মণিপুৰত নিহত হোৱা মৰিগাঁৱৰ লোকজন নাম গোপাল ফুকন বুলি মুখ্য মন্ত্ৰীয়ে টুইটাৰত শ্বেয়াৰ কৰা ২২জনীয়া নামৰ তালিকাখনৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান নতুন দিল্লীত থকা পিযুষ হাজৰিকাই পিটিআইক ফোনযোগে জনোৱা মতে তেওঁ শনিবাৰে পুৱা ১০ বজাৰ ভিতৰত মণিপুৰত গৈ উপস্থিত হ’ব।

মৰিগাঁওৰ উপায়ুক্ত পি আৰ ঘৰফালিয়াই শুকুৰবাৰে পুৱা নিহত ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

নিহত লোকজনৰ লগতে আহত তথা সন্ধানহীন হৈ থকা মৰিগাঁৱৰ আটাইকেইগৰাকী ব্যক্তি মণিপুৰত ৰেললাইন নিৰ্মাণত শ্ৰমিক হিচাপে কাম কৰি আছিল।

খবৰ অনুসৰি তেওঁলোকে প্ৰায় ২০ দিন আগতে মণিপুৰত কাম কৰিবলৈ গৈছিল।

লগতে পঢ়ক – লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰ আই চি ইউ কক্ষত অগ্নিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply