নিউজ ডেস্ক: মণিপুৰৰ ননী জিলাত যোৱা মাহত সংঘটিত ভূমিস্খলনত প্ৰাণ হেৰুওৱা অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে অসমৰ পৰা যোৱা আন ৬জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

সোমবাৰে ভূমিস্খলন সংঘটিত হোৱাৰ সময়ত টুপুল ৰে’লৱে ষ্টেশ্যনৰ নিৰ্মাণস্থলীত শ্ৰমিক হিচাপে নিয়োজিত মৰিগাঁও জিলাৰ দুজন লোকৰ মৃতদেহ কৰা হয় বুলি আজি এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে।

‘মৃতদেহবোৰ পচি গৈছে, সেয়ে মৃতদেহবোৰ ইয়ালৈ প্ৰেৰণ কৰিব নে নকৰে সেই বিষয়ে মণিপুৰ চৰকাৰে এতিয়াও সিদ্ধান্ত লোৱা নাই,’ বিষয়াগৰাকীয়ে কয়।

আহাতে, মণিপুৰৰ এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে, সোমবাৰে তিনিটা মৃতদেহ উদ্ধাৰ হোৱাত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩জনলৈ বৃদ্ধি পায়, কালি উদ্ধাৰ হোৱা তিনিটা মৃতদেহৰ ভিতৰত দুটা অসমৰ শ্ৰমিকৰ।

ইপিনে ৩০ জুনত সংঘটিত ভূমিস্খলনত টুপুল ৰে’লৱে ষ্টেশ্যনৰ নিৰ্মাণস্থলীত নিয়োজিত হৈ থকা অসমৰ ২৬জন লোকৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে।

ইয়াৰে মৰিগাঁৱৰ ২১ জন শ্ৰমিক আছিল বুলি জিলা প্ৰশাসনে জনাইছিল।

ভূমিস্খলনত প্ৰাণ হেৰুওৱা অসমৰ ১৫ জন লোকৰ ভিতৰত ১২ জন শ্ৰমিক মৰিগাঁৱৰ, আনহাতে ধুবুৰীৰ এজন অভিযন্তা তথা বজালীৰ এজন টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু নলবাৰীৰ আন এজন লোকো উক্ত ভূমিস্খলনত নিহত হৈছিল।

এতিয়ালৈকে অসমৰ পৰা ৫ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে, আটাইকেইজন মৰিগাঁৱৰ আৰু তেওঁলোক ইতিমধ্যে নিজ গৃহলৈ উভতি আহিছে।

লগতে পঢ়ক – বকোৰ মেঘালয়-সীমান্তত সীমান্তত উত্তেজনা; গাঁও এৰি পলায়ন ১৫০ গাঁওবাসীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply