নিউজ ডেস্ক-  মনিপুৰত পুনৰ  হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। মণিপুৰত আজি ইম্ফলৰ নিউ চেকন অঞ্চলত দুৰ্বৃত্তই পৰিত্যক্ত চাৰিটা বাসগৃহ জ্বলাই দিয়ে।

সূত্ৰ মতে, দুৰ্বৃত্তই অঞ্চলটোৰ চাৰিটা ঘৰত অগ্নিসংযোগ কৰিছিল। সম্প্ৰতি অঞ্চলটোত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে। এই ঘটনাৰ পূৰ্বে এজন বন্দুকধাৰী লোকে প্রথমে নিউ চেকন অঞ্চলৰ কিছু দোকানৰ মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ ভাবুকি দিছিল। দোকানসমূহ বন্ধ কৰাৰ পিচতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই ঘটনাৰ পাচতে আগন্তুক ৫দিনলৈ ইন্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰিছে। অৰ্থাৎ ৰাজ্যখনত ২৬  মে’ৰ বিয়লি ৩বজালৈ ইন্টাৰনেট কৰ্তন কৰা হৈছে।

উল্লেখ্য যে, উক্ত ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তি চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ সমষ্টিৰ প্ৰাক্তন বিধায়ক টি থাংজালাম হাওকিপ বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply