গুৱাহাটীঃ বানবিধ্বস্ত অসমলৈ বান সাহাৰ্য প্ৰেৰণ কৰিলে মণিপুৰ চৰকাৰে। সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু সাহায্য, দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আৱাংবো নিউমাই ইম্ফলৰ কাংলা গেটত বানপীড়িত অসমলৈ বান সাহায্য কাৰ্যসূচীৰ ফ্লেগ অফ কৰে।

মণিপুৰ চৰকাৰে অসমলৈ প্ৰেৰণ কৰা ১ কোটি টকাৰ সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে ১৩৫ কুইণ্টল চাউল, ১০২ বেগ দাইল, ১২০ বেগ নিমখ, মিঠাতেল আদি।

ইয়াৰ উপৰিও ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে এছডিআৰএফৰ ৪০ জনীয়া এটা দলো প্ৰেৰণ কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, ‘এই বিপদৰ সময়ত আমাৰ চুবুৰীয়া ৰাজ্য অসমক সহায় কৰাটো আমাৰ কৰ্তব্য। অসমে মণিপুৰক সদায়  সমৰ্থন কৰি আহিছে আৰু সেই মৰম আৰু সমৰ্থনৰ প্ৰতিদান দিবলৈ আমি সদায় আছো।’

লগতে মন্ত্ৰী আৱাংবো নিউমাই কয়, ‘অসমৰ বান পৰিস্থিতিক লৈ আমি উদ্বিগ্ন হৈছো। বানত বহু লোকে প্ৰাণ হেৰুৱাৰ লগতে ঘৰবাৰী সম্পত্তি হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য হিচাপে আমি বানপীড়িত ৰাজ্যখনৰ বাবে সাহায্য প্ৰেৰণ কৰিছো। লগতে এছডিআৰএফৰ সু-প্ৰশিক্ষণপ্ৰাপ্ত এটা দলো প্ৰেৰণ কৰিছো।’

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক লৌৰেমবাম ৰামেশ্বৰ মিটেই, মুখ্য সচিব ড০ ৰাজেশ কুমাৰ, অতিৰিক্ত মুখ্য সচিব এম এইচ খান আৰু ভি ৱমলুনমঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply