গুৱাহাটী : ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী মহানগৰ আৰক্ষীয়ে পূৰণ এক বৃহৎ সাফল্য লাভ কৰিছে। মহানগৰ আৰক্ষীয়ে এজন মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু এগৰাকী মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। মিজোৰামৰ মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে ৮৫০০ টা নিচাজাতীয় টেবলেট জব্দ কৰিছে।

যোৱা ১৯ আগষ্টত মহানগৰ আৰক্ষীয়ে মণিপুৰৰ এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ হে’ৰইনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই সম্পৰ্কে বিশিষ্ঠ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ তদন্ত চলাই মহানগৰ আৰক্ষীৰ এটা দল মণিপুৰত উপস্থিত হয়। মহানগৰ আৰক্ষীয়ে মণিপুৰ আৰক্ষীৰ সহযোগত বিষ্ণুপুৰ জিলাত অভিযান চলাই চাবিৰ আহমেদ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

অসমৰ মাজৰে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বহিঃৰাজ্যৰ ড্ৰাগছ মাফিয়া সকলৰ ভিতৰত চাবিৰ আহমেদ অন্যতম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। চাবিৰ আহমেদ মহানগৰ আৰক্ষীৰ জালত পাৰত আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। চাবিৰ আহমেদক মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি আনটো মহানগৰ আৰক্ষীৰ বাবে এক অন্যতম বৃহৎ সাফল্য।

লগতে পঢ়ক : হাফলঙৰ ডিয়ুংমুখত সন্দেহ যুক্ত DNLA উগ্ৰপন্থীয়ে জ্বলালে পাঁচ খন ট্ৰাক

ইফালে অসম আৰক্ষীৰ বিশেষ শাখাৰ এক তথ্যৰ ভিত্তিত অভিযান চলাই মহানগৰ আৰক্ষীয়ে মিজোৰামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ভঙাগড়ৰ কুঞ্জলতা লজৰ পৰা মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক ৮৫০০ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে। খুমী খাওঁৱাঙ নামৰ মিজো মহিলা গৰাকী শ্বিলংৰ পৰা আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply