ইম্ফল : এই বৰ্ষৰ জুলাই-আগষ্টত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় মহিলা হকী দলৰ ১৬ জনীয়া সদস্যৰ চূড়ান্ত তালিকা বৃহস্পতিবাৰে ঘোষনা কৰা হয়।

এইবাৰৰ দলটোত থকা ৮ গৰাকী খেলুৱৈয়ে যোৱাবাৰৰ ৰিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বাকী ৮ গৰাকী খেলুৱৈয়ে প্ৰথম বাৰৰ বাবে অলিম্পিকত ভাগ ল’ব।

১৯৮০ চন আৰু ২০১৬ চনৰ পিছত ভাৰতীয় মহিলা হকী দলে এইবাৰৰ সৈতে তৃতীয়বাৰৰ বাবে অলিম্পিকত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে এইবাৰৰ ভাৰতীয় দলটোত মণিপুৰৰ সুশীলা চানুৱে স্থান পাইছে।

মিডফিল্ডাৰ সুশীলা চানুৱে হৈছে ভাৰতীয় দলটোত থকা একমাত্ৰ ৰাজ্যখনৰ খেলুৱৈ।

লগতে পঢ়ক : লাখ লাখ শ্ৰোতাক মুগ্ধ কৰি বলিউডত খোজ পেলোৱা প্ৰথম গৰাকী অৰুণাচলী গায়ক

তেওঁৰ উপৰি দলটোৰ আন সদস্যসকল হৈছে সবিতা পুনিয়া, দীপ গ্ৰে’চ এক্কা, নিকি প্ৰধান, গুৰজিট কৌৰ, উডিটা, নিশা নেহা গোয়েল, মনিকা মালিক, নৱজোত কৌৰ, শালিমা টেটে, ৰানী ৰামপাল, নৱনীত কৌৰ, লালৰেমছিয়ামি, বন্দনা কাটাৰিয়া আৰু শৰ্মীলা দেবী।

ভাৰতীয় দলটোৰ বাবে চানুক বাছনি কৰাত মণিপুৰ হকী সংস্থাই আনন্দ প্ৰকাশ কৰা বুলি সংস্থাৰ সাধাৰণ সম্পাদক ছেৰাম নেকেনে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply